ভাল পায়ো হেৰুৱালো _ গল্প
(মোৰ বন্ধু এজনৰ সচাঁ প্ৰেম কাহিনী )
✍Rahul Mech
আজি বহুদিনেই হল প্ৰণতি ক নেদেখা হলো, তাইৰ সাগৰ নীলা দুচকু , বাদামী উঠৰ মিচিকিয়া হাঁহিটোৰ সৈতে পূৰ্ণিমাৰ জোনৰ দৰে ধুনীয়া মুখখনি কিন্তু আজিও পাহৰিব পৰা নাই মই । এৰা' , তাই মোৰ প্ৰথম প্ৰেম আছিল , প্ৰথম প্ৰেমক জানো ইমান সহজে পাহৰিব পাৰি ........
1st yearত থাকোতে এদিন হঠাৎ প্ৰণতিৰ মোবাইলত ভূলতে wrong number লাগি গৈছিল মোৰ , মোবাইলত তাইৰ মধুৰ কণ্ঠ শুনি কিয় জানো মোৰ ভাল লাগিছিল , আৰু সঘনাই প্ৰণতিলৈ ফোন লগাইছিলো, প্ৰথমে তাই অচিনাকি হোৱাৰ বাবে ফোন লগাব মানা কৰিছিল , কিন্তু তাই বাধা কৰা স্বত্বেও মই তাইলৈ ফোন লগাইছিলো আৰু অৱশেষত এদিন প্ৰণতিৰ সৈতে চিনাকি হলো ... প্ৰণতিৰ মাতষাৰ সচাই বৰ মধুৰ আছিল , তাইৰ সৈতে কথা পাতি মই বৰ তৃপ্তি পাইছিলো । মই মেচত থা�কি পঢ়িছিলো, তাইৰ সৈতে চিনাকি হোৱাৰ দিনৰে পৰা মোৰ পঢ়া শুনাবোৰ লাহে লাহে কমি গৈছিল আৰু দিন বাঢ়ি যোৱাৰ লগে লগে প্ৰণতিৰ সৈতে মোৰ মোবাইলত কথা পতা বাঢ়ি গৈছিল , দিনটোত আমি চাৰি পাঁচবাৰমান মোবাইলত কথা পাতিছিল ।
এনেকৈ মোবাইলত কথা পাতি পাতি নেদেখাকৈয়ে প্ৰণতিৰ প্ৰেমত পৰি গলো, আৰু এদিন তাইক হঠাৎ প্ৰপজ কৰি দিলো ... তাই yes কোৱা নাছিল আৰু ময়ো সাৰ মনা নাছিলো , তাইক কৈছিলো " যেতিয়া লৈকে তুমি মোক accept নকৰা মই খোৱা বোৱা নকৰো, আৰু সচাকৈয়ে মই তিনিদিন লৈকে একো নোখোৱাকৈ আছিলো । অৱশেষত তাই yes বুলি কৈ দিলে আৰু সিদিনাহে মই ভাত খাইছিলো । সিদিনা মোৰ খুউব ভাল লাগিছিল ... এনে লাগিছিল যেন মোতকৈ সুখী আৰু পৃথিৱীত কোনো নাই .....
দিন বাঢ়ি যোৱাৰ লগে লগে আমাৰ দুয়োৰে মাজত ভালপোৱা serious হৈ গৈছিল ... আৰু দিনে নিশাই তাইৰ সৈতে কথা পাতিব ধৰিছিলো ...। আমাৰ প্ৰেম যিমান গভীৰ হৈ গৈছিল আমি ইজনে সিজনক লগ পাবলৈ কাতৰ হৈ পৰিছিলো ....।
অৱশেষত এটি ধুনীয়া আৱেলিৰ এক মধুৰ ক্ষণত গোলাঘাটৰ কলেজ ৰোডত প্ৰণতিক লগ কৰিছিলো , তাই সচাই মই ভৱাতকৈ বহুত বেছি ধুনীয়া আছিল ......
" প্ৰণতি , তুমি সচাই বৰ ধুনীয়া ...." লাজত তাইৰ গোলাবী গাল দুখন ৰঙা পৰিছিল ,
" তুমি মোক লাইক কৰিছা নে ? " মই তাইক সুধিছিলো ,
তাই ওঁ বুলি মূৰ ঢুপিয়াইছিল মাথো ।
তাই আগে আগে মই তাইৰ পিছে পিছে চাইকেলখন ঠেলি ধীৰ খোজেৰে আগবাঢ়িছিলো....
" Rahul তুমি মোক বেয়া নাপাবা " তাই অলপদূৰ গৈ কৈছিল ,
"কি হল , মই আকৌ তোমাক কিয় বেয়া পাম" মই আচৰিত হৈ সুধিছিলো ,
"মই তোমালোকৰ সম্প্ৰদায়ৰ নহয় , আৰু মই 1st yearৰ নহয় আচলতে মই যোৱা বছৰেই BA পাছ কৰিলো "
প্ৰণতিৰ কথা শুনি মোৰ মূৰটো ঘূৰাই যোৱা যেন লাগিছিল , ক্ষন্তেক সময়ৰ বাবে ৰৈ দিছিলো মই,
"প্লীজ মোক মাফ কৰি দিবা , মই তোমাক বহুত ভালপাওঁ Rahul, তুমি মোক accept নকৰিবা বুলি ইমান দিনে তোমাক মিছা কৈ আহিছিলো " তাই দুখী ভাৱেৰে কলে..
প্ৰণতিলৈ চাই মোৰ মৰম লাগিল , তাই সৰু ছোৱালীৰ দৰে মূৰ তল কৰি ৰৈছিল ।
আচলতে সচাঁ প্ৰেমে কেতিয়াও জাতি ভেদ নিবিচাৰে , আৰু মোতকৈ 2Yr senior classৰ হলেও প্ৰণতি মোৰ সমবয়সৰ...
"হব দিয়া , তুমি এই সৰু কথাটোক কিয় লুকুৱাই ৰাখিব লাগে ? মই এই জাতি ধৰ্মৰ ভেদ নিবিচাৰো , আৰু শুনা মই তোমাক বহুত ভালপাওঁ , মোৰ এই ভালপোৱাক একোৱেই বাধা দিব নোৱাৰে ..."
তাই মোৰ কথা শুনি কাষলৈ চাপি আহি আনন্দতে সাৱটি ধৰিছিল আৰু ময়ো তাইক মৰমেৰে আকোঁৱালি লৈছিলো ....
এনেকৈয়ে আমাৰ মধুৰ প্ৰেমৰ আৰম্ভ হৈছিল , মই প্ৰায়েই কলেজ খটি কৰি তাইক লগ কৰিছিলো আৰু দিনৰ দিনটো তাইৰ সৈতে ফুৰিছিলো, সচাই বহুত ভাল লাগিছিল সেই মধুৰ ক্ষণবোৰ ....।।
পৰীক্ষা দি মই ঘৰলৈ গুচি আহিছিলো , মই ঘৰত থকা দিনকেইটা তাইৰ সৈতে ইমানকৈ কথা পাতিব পৰা নাছিলো ... তাইৰ অবিহনে মোৰ ঘৰত থ�কা দিনকেইটা এটা যুগ পাৰ হৈ যোৱা যেন লাগিছিল ...
কলেজ খোলাৰ পিছত পুনৰ লগ পাইছিলো তাইক , আৰু আগৰদৰেই তাইৰ সৈতে লক্ষ্যহীনভাৱে ফুৰিছিলো । মোৰ পঢ়া শুনা একেবাৰে বেয়া হৈ গৈছিল , কিতাপ মেলিয়েই দেখোন প্ৰণতিৰ প্ৰতিচ্ছবি হে দুচকুত ভাহি উঠে , পঢ়িবলৈ বাদ দিছিলো মই ।
এদিন হঠাৎ কলেজ এৰাৰ সিদ্ধান্ত লৈ গোলাঘাট এৰি গুচি আহিলো ...
ঘৰলৈ আহি প্ৰণতিৰ সৈতে কথা পাতিব নোৱাৰা হলো , কেতিয়াবা ফোন কৰিলেও প্ৰণতিৰ মোবাইল switch off পাওঁ , তাই অভিমানতে কৰে নে কিয় কৰে বুজি নোপোৱা হলো ... এনেদৰে আমাৰ যোগাযোগবোৰ কমি আহিল ... কেতিয়াবা কথা পাতিলেও বেছি সময় নপতা হলো , অৱশ্যে বেছিভাগ সময় প্ৰণতিৰ মোবাইল switch off পাওঁ ...
ময়ো আগৰদৰে প্ৰণতিৰ কথা নভৱা হলো , লাহে লাহে সকলো পাহৰিলো , পুৰণি sim সলনি কৰি নতুন sim লল�....
আজি বহুদিনেই হল ....
সৌ সিদিনা হঠাৎ Facebookত তাইক কন্যাৰ সাজত দেখিলো , তাইক দেখি বুকুখনত বেদনাই হেচি ধৰা যেন লাগিছিল মোৰ ...
কন্যাৰ সাজত তাই সাধুকথাৰ ৰাজকুমাৰীজনীৰ দৰে হৈ পৰিছে ....
বহুদিনৰ মূৰত তাইৰ প্ৰতি থকা মৰমবোৰ আকৌ জাগি উঠিছিল .. এতিয়াহে অনুভৱ কৰিছো প্ৰথম প্ৰেমক পাহৰাটো ইমান সহজ নহয় ... সময়ৰ সোঁতত পাহৰিলেও প্ৰেমে কটা ঘা ডোখৰত দৰে মাজে মাজে যন্ত্ৰণা দিয়ে ।
আচলতে সকলো বিধাতাৰ লিখন, ভাগ্যত নাথাকিলে যিমান ভাল পালেও মিছা ...
মই কিন্তু তাইক আজিও পাহৰিব পৰা নাই ... হেৰুৱা বাহীৰ সুৰত কেতিয়াবা নিজকে পাহৰি যাওঁ । আজিও নিজকে প্ৰশ্ন কৰো মই " মই বাৰু অজানিতে কিয় ভূল কৰি পেলালো ....?

Comments
Post a Comment