সপোনবোৰ এনেকৈ

পুৱাই জগাই দিব তাই মৰমেৰে চুমা যাচি

চকু মেলিয়েই দেখিম তাইৰ পূৰ্ণিমাৰ জোনৰ দৰে  ধুনীয়া মুখখনি ,

পথাৰলৈ ওলাই যাম কান্ধত নাঙল আৰু গৰুহাল লৈ
চেনেহৰ মাটিডোখৰ চহাবলৈ,

সচাই কিমান যে ভাল লাগিব
ৰদত মোৰ কপালৰ ঘাম বিৰিঙি উঠিব..
পথাৰৰ সৰু আলিয়েদি তাই ভাতৰ টোপোলা হাতত লৈ আহিব ...
কাষত বহি মোৰ,  তাই ঘামবোৰ মচি দিব ....
কিমান যে ভাল লাগিব ,
কলপাতত তাই হেপাহেৰে বাঢ়ি দিয়া আলুপিটিকা ভাত খাই ....
মৰমেৰে উপচি পৰিব মোৰ বুকুখন
তাইৰ ধুনীয়া চকুযুৰি চাই .......

(এনেকৈ সপোনবোৰ দেখি ভাল লাগে )

Rahul Mech

Comments

Popular posts from this blog

নীলা খামৰ চিঠি

এজাক বৰষুণত তুমি আৰু মই °°° #গল্প

ভাল পায়ো হেৰুৱালো _ গল্প