ভালপোৱা -গল্প
[আধৰুৱা হৈ যোৱা দিনবোৰ ...]
(গল্প)
✍Rahul Mech
প্ৰিয়ান্সী ক্লাছত সোমোৱাৰ লগে লগে ক্লাছৰ সকলোৱে কমলক চিঞৰি উঠিল " ঐ কমল .. আহি গল, যা যা আদৰি আনগৈ ..."
প্ৰিয়ান্সীয়ে একো নামাতিলে , কাৰণ কমলৰ লগত তাইক ক্লাছৰ লৰাবোৰে আজিয়েই প্ৰথম জোকোৱা নাই , এনেকুৱা সদায়েই জোকাই কমল আৰু তাইক । "ঐ তহঁতি কিয় এনেকৈ জোকাই থাক প্ৰিয়ান্সীৰ লগত , তাই জানো বেয়া নাপায় " কমলে তাৰ লগৰ কেইটাক উদেশ্যি কলে ,
" হ'ব হ'ব বেয়া পালে আমাক হে পাব , তোকটো প্ৰিয়ান্সীয়ে মনে মনে ভাল পায় ," লগৰ নয়নে দুষ্টালিভৰা হাঁহিৰে কলে,
" আমাৰ এওঁ জানো প্ৰিয়ান্সীক ভাল নাপায় " অসীমে পিছৰ বেন্সৰ পৰা মাত দিলে ,
" ঐ তহঁতৰ আৰু কাম নাই হাঁ , পঢ়িব আহিছ নে ছোৱালী জোকাবলৈ আহিছ' " কমলে কলে ,
" আৰে বাবা , ছোৱালী প্ৰেমত তইহে......." অসীমৰ কথাখিনি শেষ হবলৈ নাপাওতেই পলাশ ছাৰ হাতত ৰেজিষ্টাৰ বহীখন লৈ ক্লাছত আহি সোমাইহি.... আৰু ৰেজিষ্টাৰ ওলিয়াই ৰোল নং মাতি যাবলৈ ধৰে..Roll no 1, roll no 2, roll no 3.......
** ** **
ক্লাছ এইটৰ ঘটনা ,সিহঁতৰ স্কুলত এখন নাটক পাতিছিল , ৰোমিঅ-জোলিয়েটৰ নাটখনত কমল ৰোমিঅ' আৰু প্ৰিয়ান্সী জোলিয়েটৰ অভিনয় কৰিছিল আৰু তেতিয়াৰ পৰাই ক্লাছত সিহঁত দুটাক জোকাব ধৰিছিল ।
**
তাই বাৰু সচাকৈ কমলৰ প্ৰেমত পৰি�ছে নেকি , নহলেনো ক্লাছত জোকালে তাই কি�য় একো নকয় , নাই নাই তাইৰ এতিয়া প্ৰেমত পৰাৰ বয়স নহয় , মাক দেউতাকে কিমান আশা লৈ তাইক পঢ়োৱাইছে আৰু তাই যদি প্ৰেমত পৰিছে বুলি গম পাই দেউতাই মনত বহুত দুখ পাব, তাই কমলক ভাল পাব নোৱাৰে আৰু কাইলৈৰ পৰা যদি ক্লাছত জোকাই তাই কমলকে গালি দিব ।
" ঐ মাজনী কি হল , টেবুলখনত আক বাক কিয় কৰিছ' ?" মাকৰ মাতত প্ৰিয়ান্সী চক খাই উঠাৰ দৰে হয় ,
" পঢ়িবলৈ মন নাই যদি কিতাপ সামৰি পাকঘৰলৈকে আহ , দেউতাৰক হেনো ভোক লাগিছে , তই আলুখিনি কাটি দে , মই সোনকালে ৰান্ধো " মাকে কলে,
" বাৰু বলক, আজিলৈ নপঢ়ো আৰু " প্ৰিয়ান্সীয়ে কিতাপখন সামৰি মাকৰ লগত পাকঘৰলৈ গৈ আলু কটাত ব্যস্ত হৈ পৰে ।
**
আজিও ক্লাছত সিহঁত দুটাক জোকালে অসীমহতে । তাইৰ কমলৰ ওপৰত খুউব খং উঠিল , সি কিয় একো নকয় অসীমহতক , আজি হাফছুটীৰ সময়ত ভালকৈ গালি দিম তাক প্ৰিয়ান্সীয়ে মনতে সিদ্ধান্ত ললে।
হাফছুটীৰ লগে লগে ক্লাছৰ সকলো ৰুমৰ পৰা ওলাই যায় , কমল বাহিৰলৈ যাবলৈ লওতে প্ৰিয়ান্সীয়ে তাক ৰবলৈ কয় " ৰবাচোন , তোমাৰ লগত মোৰ কথা আছে "
" কি কোৱা ? " কমলে তাইলৈ ঘূৰি চাই ,
প্ৰিয়ান্সীয়ে কমলক গালি দি কম বুলি ভাৱিছিল যদিও কমলক তাই টানকৈ একো কব নোৱাৰিলে , কমলক দেখি বৰণ্ব তাইৰহে উশাহ লবলৈ কষ্ট হল, বুকুখন তাইৰ ঢপঢপাব ধৰিলে, " কি হল কোৱা আকৌ ?" কমলে পুনৰ সুধিলে ,
" তুমি অসীমহতক কিয় একো নোকোৱা ? তোমাৰ লগত মোক কিয় জোকাই থাকে সিহঁতে " প্ৰিয়ান্সীয়ে বহুত সাহস কৰি কথাষাৰ কলে,
" সিহঁতে জোকালে মই ভালপাওঁ , " কমলে নিলাজৰ দৰে কথাষাৰ কোৱাত প্ৰিয়ান্সী লাজত ৰঙা পৰা যেন হৈ পৰিল আৰু ক্লাছৰ পৰা লৰ দি বাহিৰলৈ ওলাই আহিল ,
কমলে কিবা এটা কৈ চিঞৰিছিল যদিও তাইৰ কাণত নপৰিল ।
"
আজি দুদিনমান হল কমল স্কুললৈ অহা নাই , প্ৰিয়ান্সীৰো কিয় জানো ক্লাছত অলপো মন নবহা হৈছে । তাইৰ মনটো একেবাৰে উদ্ধিগ্ন হৈ পৰিছে কমলক এবাৰ চাবলৈ । তাইৰ কমল স্কুল নহাৰ কাৰণ অসীমক এবাৰ সুধি চাবৰ মন হল কিন্তু তাইৰ লাজ লাগিল , কাৰণ তাই জানে অসীমক যদি কমলৰ কথা সোধে সি গোটেইখন হুলস্হুল কৰি ফুৰিব আৰু �কমলে তাইক কি ভাৱিব । বহুত সাহ কৰিও কমলৰ খবৰ লব নোৱাৰিলে তাই ।
**
আজিও নাহিল কমল, ক্লাছৰ লগৰবোৰেও আগৰ দৰে নোজোকোৱা হল, তাইৰ কিবা অধৰ্য্য যেন ভাৱ হৈছে ক্লাছত , তাই এতিয়াহে উপলব্ধি কৰিছে, তাই হয়তো কমলৰ প্ৰেমত পৰিছে নহলেনো তালৈ ইমান মনত কিয় পৰিব...
।**
এনেকৈ এদিন দুদিন কৈ সময় পাৰ হয় প্ৰিয়ান্সী বি এ পাছ কৰে । আজিকালি তাই মাকৰ লগত তাতঁশালত ব্যস্ত থাকে , বহুত বাৰ তাইক চাবলৈ লৰাও আহিছিল কিন্তু মাক দেউতাকে জোৰ দিও তাইক বিয়াত বহাব নোৱাৰিলে ।
আজি আঠবছৰেই হল কমলক লগ নোপোৱা , ইতিমধ্যে এসপ্তাহ পিছতে ক্লাছৰ তৰাৰ পৰা কমলৰ খবৰ পাইছিল তাই , দেউতাকৰ মৃত্যু হৈছিল কমলৰ আৰু দুখীয়া ঘৰখনৰ সকলো দায়িত্ব তাৰ উপৰত আহি পৰাত স্কুল এৰি কাম বিচাৰি মুম্বাইলৈ গুচি গৈছিল । এই আঠবছৰত তাই এবাৰো লগ পোৱা নাই কমলক , চকুৰ আতৰ হৈ গলেও তাই কিন্তু পাহৰা নাই কমলক , আজিও আঠবছৰ আগৰ স্কুলত পঢ়ি থাকোঁতে দেখা কমলৰ ধুনীয়া সৰল মুখখন তাইৰ দুচকুত ভাহি থাকে, তাইৰ এনে ভাৱ হয় যেন ক্লাছত বহি এতিয়াও কমলে তাইলৈ আৰ চকৰে চাই আছে আৰু তাৰ চকুহালে যেন কিবা কয় যাব খোজে তাইক .....

Comments
Post a Comment