mistake -গল্প
My first love - a great mistake
এটা প্ৰেমৰ গল্প
✍Rahul Mech
ক্ৰিং ক্ৰিংকৈ মোবাইলটো একেৰাহে বাজি থকাত পল্লৱীয়ে ৰিমাক চিঞৰি উঠিল ,="ঐ ফোনটো কিয় ৰিচিভ নকৰ ? পুৱাই পুৱাই মোৰ কেচা টোপনি ভাগি দিলে তোৰ মোবাইলৰ ৰিংটনটোৱে ।"
="এতিয়া পুৱা হৈ থকা নাই অ সোণ দহটা বাজিলে, ৰা�তি এটালৈকে Facebook কৰিবি আৰু এতিয়া টোপনি দেখুওৱাইছ, উঠ উঠ চাহ বনাইছো " ৰিমাই kitchen ৰুমৰ পৰাই চিঞৰিলে ।
=আৰু তই? তয়োচোন চেনি খাই আছিলি ৰাহুল নে কি সেইটোৰ লগত , ৰাতি ইমান কথা পাতিও এতিয়া পুৱাই পুৱাই আকৌ আৰম্ভ হলেই" পল্লৱীয়ে কথাখিনি কৈ কৈ বিচনাৰ পৰা নামি আহি মোবাইলটো ৰিমাৰ হাতত দিলেহি ...
পল্লৱীলৈ চাই ৰিমাই মাথোন মিচিকিয়াই হাঁহিলে আৰু মোবাইলত কথা পতাত ব্যস্ত হৈ পৰিল = "হেল্ল্ , কোৱা "
="কালি ৰাতি ফোনটো কিয় কাটি দিলা ?" সিফালৰ পৰা ৰাহুলৰ কণ্ঠস্বৰ শুনা গল,
="তুমি আৰু কিবাকিবিবোৰ বিচাৰি আছিলা " ৰিমাই কলে,
="মোবাইলত চুমা এটাহে বিচাৰিছিলো , তাকো দিব নোৱাৰিলা"
="তোমাক দেখাই নাই মই, নেদেখা নুশুনাকৈ মোবাইলত চুমা দিব নোৱাৰি দেই"
="তেন্তে লগ কৰিবা কোৱা ?" ৰাহুলে শুধিলে ,
অলপ ৰৈ ৰিমাই কলে=
" উম ঠিক আছে , কত লগ কৰিম কোৱা "
="GK supermarket, sitrolekha ৰেষ্টুৰেণ্টলৈ আহা মই ৰৈ থাকিম"
="ঠিক আছে বাৰু তুমি wait কৰা আমি গৈ আছো , এতিয়া ফোনটো ৰাখো হা জান' ?" ৰিমাই ফোনটো ৰাখি দিলে , ইমানপৰে ৰিমাৰ কাষত ৰৈ পল্লৱীয়ে ৰিমা আৰু ৰাহুলৰ কথা পতাবোৰ শুনি আছিল ="কি তই এতিয়া ৰাহুলক লগ কৰিব যাবি "
="উম্ , কি তই মোৰ লগত নাযাব নেকি?" ৰিমাই হাঁহি সুধিলে পল্লৱীক,
=" নাই না�ই মই হলে নাযাও দেই , মোক force নকৰিবি , তই তোৰ ভালপোৱাক প্ৰথম লগ পাবি তাত মই গৈ কি কৰিম ?"
="পল্লৱী তই মোৰ best friend হয় নাই , তই যদি নাযাৱ ময়ো নাযাও ৰাহুলক লগ কৰিবলৈ " ৰিমাই কৈ উঠিল ,
="ok ok যাম দে, এতিয়া কথাই পাতি থাকিবি নে ? বেচেৰা ৰাহুলে চাগে তোৰ বাবে কিমান হেপাঁহেৰে ৰৈ আছে "
পল্লৱীৰ কথা শুনি ৰিমাই কৈ উঠিল = "অকল সিয়েই নে? ময়োতো আজি কিমানদিনৰপৰা তাক চাম চাম বুলি হেঁপাহ বান্ধি ৰাখিছিলো, ৰং নাম্বাৰত চিনাকি হৈ ৰাহুলক ভালপোৱা আজি চাৰিমাহেই হ'ল ।"
= "ঠিক আছে আজি ভালদৰে নয়নভৰি চাই লবি দে " পল্লৱীয়ে হাঁহি কলে
**** **** ****
GK supermarketত সোমায়েই ৰিমাই কৈ উঠিল = "ঐ পল্লৱী মোৰ বুকুখন খুউব ধপধপাইছে , লগ কৰিম জানো ৰাহুলক ? নহলে হোষ্টললৈকে ঘূৰি যাওঁ বল, আজি আৰু লগ নকৰো ।"
= "ধেৎ পাগলী ৰ'চোন , ইমান ভয় কিয় খাইছ' ? মোবাইলত দিনে ৰাতিয়ে চেনি খাই থকাটোলৈও ইমান লাজডাল কৰিবলৈ কি আছে, আৰু লগত মই আছোৱেই দেখোন ।" পল্লৱীয়ে ৰিমাক সাহস দিয়াৰ চেষ্টা কৰিলে ,
এনেতে ৰিমাৰ মোবাইল বাজি উঠিল = "হেল্ল ক'ত আছা তুমি ? সোনকালে আহা আকৌ " সিফালৰ পৰা ৰাহুলে কৈ উঠিল ,
= "উম্ আমি আহি পালোহিয়েই , তুমি কত আছা?" ৰিমাই ৰাহুলক সুধিলে ।
= "তুমি কি পিন্ধি আহিছা ৰিমা ? "
="উম্ তোমাৰ পছন্দৰ সেউজীয়া ৰংৰ চুৰিদাৰ পিন্ধিছো আৰু তুমি কি পিন্ধিছা ?"
= "মই ধূতি আৰু বগা গেন্জী পিন্ধিছো" ৰাহুলে ধেমালি সুৰত কলে ,
= "কি.. সচাঁ ? " ৰিমাই আচৰিত হৈ সুধিলে ,
= " আৰে বাবা মই ধেমালি কৰিছো , লগ পালে দেখিবাই নহয় , ঠিক আছে তোমালোক দুইজনী ৰেষ্টুৰেণ্টলৈ সোমাই আহা , মই ভিতৰত আছো । "
ৰিমাই ফোনটো ৰাখি পল্লৱীৰ সৈতে ৰেষ্টুৰেণ্টলৈ আগবাঢ়িল ....
**** **** ****
ৰেষ্টুৰেণ্টখনত যথেষ্ট ভীৰ আছিল , ৰিচিপচনত সোমোৱাৰ লগে লাগে ৰিমাৰ ফোনটো বাজে উঠিল ,
=" হেল্ল কোৱা তুমি ক'ত আছা আমি ৰেষ্টুৰেণ্টত সোমালো " ৰিমাই কলে,
= "Sorry ,ৰিমা মই তো�মাক লগ কৰিব নোৱাৰো " সিফালৰ পৰা ৰাহুলৰ মাত শুনা গল,
="কি ... কিয় লগ কৰিব নোৱাৰা ? " ৰাহুলৰ কথা শুনি ৰিমাৰ কান্দি দিবলৈ মন গৈছিল ...
= " পিছত তোমাক মেচেজ কৰি কম .. bye " কৈয়েই সিফালৰ পৰা ৰাহুলে ফোনটো কাটি দিলে ,
ইমানপৰে ৰিমা আৰু ৰাহুলৰ ফোনত কথা পতাবোৰ পল্লৱীয়ে শুনি আচৰিত হৈ ৰিমাক সুধিলে =" কি হল অ ৰাহুলৰ , তাৰ মূৰটো অলপ গৰম হৈছে নেকি ? লগ কৰিবলৈ মাতি লগ নকৰো বুলি কৈছে যে , "
=" নাজানো , একো বিতংকৈ কোৱা নাই সি , মাথোন লগ কৰিব নোৱাৰে বুলি কৈছে আৰু পিছত মেচেজ কৰি কম বুলি কৈছে । " ৰিমাই উত্তৰ দিলে ....
*** *** ***
ৰিমাৰ মনত বহুত দুখ লাগিল , দেখা দেখি নহলেও এই চাৰি মাহতে ৰাহুলক তাই বহুত ভাল পাই পেলাইছে , সিয়ো জানো তাইক ভাল পোৱা নাছিল , কিয় বাৰু ৰাহুলে তাইক লগ নকৰিলে , নে তাইক ৰেষ্টুৰেণ্টত দেখিলে সি আৰু পসন্দ নকৰিলে , নাই নাই এনে হবই নোৱাৰে , তাই কিবা দেখাত ইমান বেয়া নেকি ? নাই হবই নোৱাৰে , তাইৰ ৰূপ সৌন্দৰ্য্য নথকা নহয় , কলেজৰ বহু লৰাই তাইৰ দীৱানা, তাইহে ৰাহুলৰ বাদে আজিলৈকে কাৰো প্ৰেমিত পৰা নাই ... এইবোৰ ভাবি থাকোতেই হঠাৎ ৰিমাৰ মোবাইলত মেচেজৰ ৰিংটনটো বাজি উঠিল... ৰিমাই ইনবক্সৰ মেচেজটো open কৰি চক খোৱা মানুহৰ দৰে হৈ উঠিল =" sorry ৰিমা বা, মোৰ ভূল হৈ গল, পল্লৱী বাইদেউৰ লগত দেখিহে গম পালো আপুনি বাইদেউৰ লগৰ ৰিমা বুলি , আচলতে মোৰেই ভূল , মোৰ নামটো মিচাতে ৰাহুল বুলি কৈ চিনাকি হোৱাৰ বাবেই তুমিও মোক চিনি নাপালা , sorry ৰিমা বা মোক khyoma কৰি দিবা আৰু পল্লৱী বা'ক আমাৰ এইবোৰ কথা নকবা please , আপোনাৰ সৰু ভাইটি প্ৰন্জল "
ৰাহুলৰ মেচেজটো পঢ়ি ৰিমা শিল পৰা কপৌৰ দৰে থৰ হৈ ৰ'ল .... কাৰণ প্ৰান্জল তাইৰ বান্ধৱী পল্লৱীৰ সৰু ভায়েক । হাইস্কুলত পঢ়ি থাকোতে পল্লৱীহতৰ ঘৰলৈ গলে ৰিমাই হেঙুন উজাই থকা প্ৰান্জলক কোচত উঠাই লৈ ফুৰিছিল ......

Comments
Post a Comment