(মোৰ বন্ধু এজনৰ সচাঁ প্ৰেম কাহিনী ) ✍Rahul Mech আজি বহুদিনেই হল প্ৰণতি ক নেদেখা হলো, তাইৰ সাগৰ নীলা দুচকু , বাদামী উঠৰ মিচিকিয়া হাঁহিটোৰ সৈতে পূৰ্ণিমাৰ জোনৰ দৰে ধুনীয়া মুখখনি কিন্তু আজিও পাহৰিব পৰা নাই মই । এৰা' , তাই মোৰ প্ৰথম প্ৰেম আছিল , প্ৰথম প্ৰেমক জানো ইমান সহজে পাহৰিব পাৰি ........ 1st yearত থাকোতে এদিন হঠাৎ প্ৰণতিৰ মোবাইলত ভূলতে wrong number লাগি গৈছিল মোৰ , মোবাইলত তাইৰ মধুৰ কণ্ঠ শুনি কিয় জানো মোৰ ভাল লাগিছিল , আৰু সঘনাই প্ৰণতিলৈ ফোন লগাইছিলো, প্ৰথমে তাই অচিনাকি হোৱাৰ বাবে ফোন লগাব মানা কৰিছিল , কিন্তু তাই বাধা কৰা স্বত্বেও মই তাইলৈ ফোন লগাইছিলো আৰু অৱশেষত এদিন প্ৰণতিৰ সৈতে চিনাকি হলো ... প্ৰণতিৰ মাতষাৰ সচাই বৰ মধুৰ আছিল , তাইৰ সৈতে কথা পাতি মই বৰ তৃপ্তি পাইছিলো । মই মেচত থা�কি পঢ়িছিলো, তাইৰ সৈতে চিনাকি হোৱাৰ দিনৰে পৰা মোৰ পঢ়া শুনাবোৰ লাহে লাহে কমি গৈছিল আৰু দিন বাঢ়ি যোৱাৰ লগে লগে প্ৰণতিৰ সৈতে মোৰ মোবাইলত কথা পতা বাঢ়ি গৈছিল , দিনটোত আমি চাৰি পাঁচবাৰমান মোবাইলত কথা পাতিছিল । এনেকৈ মোবাইলত কথা পাতি পাতি নেদেখাকৈয়ে প্ৰণতিৰ প্ৰেমত পৰি গলো, আৰু এদিন তাইক হঠাৎ প্ৰপজ কৰি ...
Comments
Post a Comment