mistake -গল্প
My first love - a great mistake এটা প্ৰেমৰ গল্প ✍Rahul Mech ক্ৰিং ক্ৰিংকৈ মোবাইলটো একেৰাহে বাজি থকাত পল্লৱীয়ে ৰিমাক চিঞৰি উঠিল ,="ঐ ফোনটো কিয় ৰিচিভ নকৰ ? পুৱাই পুৱাই মোৰ কেচা টোপনি ভাগি দিলে তোৰ মোবাইলৰ ৰিংটনটোৱে ।" ="এতিয়া পুৱা হৈ থকা নাই অ সোণ দহটা বাজিলে, ৰা�তি এটালৈকে Facebook কৰিবি আৰু এতিয়া টোপনি দেখুওৱাইছ, উঠ উঠ চাহ বনাইছো " ৰিমাই kitchen ৰুমৰ পৰাই চিঞৰিলে । =আৰু তই? তয়োচোন চেনি খাই আছিলি ৰাহুল নে কি সেইটোৰ লগত , ৰাতি ইমান কথা পাতিও এতিয়া পুৱাই পুৱাই আকৌ আৰম্ভ হলেই" পল্লৱীয়ে কথাখিনি কৈ কৈ বিচনাৰ পৰা নামি আহি মোবাইলটো ৰিমাৰ হাতত দিলেহি ... পল্লৱীলৈ চাই ৰিমাই মাথোন মিচিকিয়াই হাঁহিলে আৰু মোবাইলত কথা পতাত ব্যস্ত হৈ পৰিল = "হেল্ল্ , কোৱা " ="কালি ৰাতি ফোনটো কিয় কাটি দিলা ?" সিফালৰ পৰা ৰাহুলৰ কণ্ঠস্বৰ শুনা গল, ="তুমি আৰু কিবাকিবিবোৰ বিচাৰি আছিলা " ৰিমাই কলে, ="মোবাইলত চুমা এটাহে বিচাৰিছিলো , তাকো দিব নোৱাৰিলা" ="তোমাক দেখাই নাই মই, নেদেখা নুশুনাকৈ মোবাইলত চুমা দিব নোৱাৰি দেই" ="তেন্তে লগ কৰি...